Student's Guide : |Assamese Educational Article|অসমীয়া শিক্ষামূলক নিৱন্ধ| এনে অভ্যাসে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে|

          আপোনাৰ   আশে-পাশে  হয়তো  বহু  মানুহ  আছে  যিয়ে  প্ৰত্যেক  দিন  নতুন   বিষয়ৰ  ওপৰত  জ্ঞান   অৰ্জন  কৰিব  নিবিচাৰে  কিন্তু  আপুনি  এনে  নহয়  আৰু  প্ৰত্যেক দিন  নতুনত্ব  শিক্ষাৰ  বাবে   আপুনি   নিজকে  প্ৰস্তুত  কৰি  লয়  ।  আপুনি  নিজক  সদায়  ইতিবাচক  দিশবোৰৰ প্ৰতি ধ্যান  লৈ  যাব বিচাৰে  কিন্তু  সেই  অনুপাতে  হয়তো সক্ষম  হ'ব  পৰা  নাই  ।  নতুন  দিন  আৰম্ভণিৰ  লগে  লগে  নিজকে  কেনেদৰে  নতুনত্ব  শিক্ষাৰ  প্ৰতি   অগ্ৰগতি  কৰিব  পাৰি  তাৰে ওপৰত  আমি ইয়াত শিক্ষিবলৈ  পাম  । 
     ১৷  ৪৫  মিনিট   অধ্যয়ন  : ইয়াত  ৪৫  মিনিট  পঢ়া আৰু শিকাকে বুজোৱা  নাই , অধ্যয়নৰ  কথা  কোৱা হৈছে।  অধ্যয়ন  হৈছে  পঢ়া  আৰু  শিকাৰ  মধ্যম  ভাগ ।  আপুনি  আপোনাৰ  দৈনন্দিন  কৰ্মৰ  লগতে  ৪৫ মিনিটৰ  সময়  উলিয়াই  ইতিবাচক  মনোভাৱ  গঢ়ি  তুলিব  পৰা  কিতাপ অধ্যয়ন  কৰিব  পাৰে  । মই  যেতিয়া  নিজে  এই অভ্যাস  আৰম্ভ  কৰিছিলো , আজি  পৰ্যন্ত  জীৱনত  বহু  ইতিবাচক  প্ৰভাৱ  পৰিছে । সেয়ে  প্ৰত্যেকে  পৰাপক্ষত  ৰাতিপুৱা  সময়ত  কিছু  সময়  আজৰি হৈ অধ্যয়নত  মনোযোগ  দিব  লাগে । এনে  অভ্যাসে  এটা  বছৰত  আপোনাক  বহু জ্ঞানৰ  অধিকাৰী  কৰি  দিব । যদি  আপুনি  সদায়  এনে 
পদক্ষেপ  লৈ  তেন্তে  অন্যলোকতকৈ  অধিক  অগ্ৰগতি  লাভ  কৰিব  কিয়নো  বেছিভাগ  লোকে  এনে  অভ্যাস  গঢ়ি  তুলিব  নোখোজে  সেয়ে  এওঁলোকৰ  জ্ঞানৰ  পৰিসৰ  বৃদ্ধি  নাপায় ।এজন  শিক্ষাৰ্থীৰ  ক্ষেত্ৰত  আপোনাৰ আত্মবিশ্বাস  বৃদ্ধি পায় আৰু   আপোনাৰ  ফলাফলে  কয়  যে  আপুনি  কি  কৰিছে আৰু  কিমান  কৰিছে  । 
      
      ২৷ কোনবোৰ   বিষয়   অন্তৰ্ভুক্ত   কৰিব  :এজন শিক্ষাৰ্থীৰ  ক্ষেত্ৰত  শ্ৰেণীৰ  পাঠ্যপুথি  একেবাৰে  ইয়াত  স্হান  নাপায়  ।  যেতিয়া  নিউটনে  মাধ্যাকৰ্ষণ  বলৰ  আৱিষ্কাৰ  কৰিছিল তেতিয়া   তেওঁ   বিদ্যালয়ৰ  কোনো  পাঠ্যক্ৰম  সম্পূৰ্ণ  কৰিবৰ  কাৰণে  কৰা  নাছিল  বৰঞ্চ তেওঁৰ  কৌতূহল  আছিল ।সকলোৰে  জ্ঞাত  পিকাচোক কোনোবাই  হস্তশিল্পী  হ'বলৈ কোৱা  নাছিল  বা  বৰ্তমানৰ  ভাৰতীয়  ক্ৰিকেট  দলৰ  অধিনায়ক  কোহলীক  সুদক্ষ  বেটছমেন  হোৱাতো  বাধ্যতামূলক  নাছিল ।  কিন্তু  এওঁলোক  নিজৰ  নিজৰ  ৰণভূমিৰ  একোজন  সুদক্ষ যোদ্ধা   হ'ব  বিচাৰিছিল । সেয়ে  এই  পৃথিৱীত  শিকিবলগীয়া  বহুতো  আছে  কিন্তু  ইয়াৰ  কাৰণে  আপোনাক  শিক্ষিবলৈ নিজস্ব  আগ্ৰহ  হ'ব  লাগিব  আৰু  কিছু  আজৰি  সময়ৰো  দৰকাৰ । আপুনি  নিতৌ  কিছু শিক্ষিব  পাৰে  আৰু  নিজক  উপযুক্ত  গঢ়ি  তোলাৰ বাবে  প্ৰয়াস  কৰিব  পাৰে। আপুনি যিটো  কৰ্মত  পাৰ্গত  এই কৰ্মৰ  প্ৰতি  অধিক  জানিবলৈ  কৌতূহল হ'ব  লাগে । আপোনাৰ  লক্ষ্যৰ  প্ৰতি  কিমানখিনি   আগবাঢ়ি  যাব  লাগে  আগবাঢ়ি  যাওঁক  আৰু  কৰণীয়খিনি  কৰক ।
   
    ৩৷ অন্যলোকক  শিক্ষাব  পৰাকৈ  অধ্যয়ন  কৰিব  লাগে :  মই  অন্যক  শিক্ষাব  পৰাকৈ  অধ্যয়ন  কৰোঁ । মই  মোৰ  সম্পূৰ্ণ  ধ্যান  এটা  বিষয়ত  কেন্দ্ৰীত  কৰোঁ  । আপুনি  এনেকৈ  অধ্যয়ন  কৰেনে ? যদি  আপুনি  ক্ৰিকেট খেলত  সুদক্ষ  হ'ব  বিচাৰিছে  তেন্তে  আপোনাক  এনে  এজন  খেলুৱৈৰ  লগত  লগ  ধৰিব  লাগে  যিজনে  আপোনাক  আগুৱাই  লৈ  যাব  পাৰিব ।  আপুনি  কওঁক আপোনাৰ  কোনটো  বিষয়ত  প্ৰতিভা  অধিক  ? যদি  মই ৰন্ধাবঢ়া  কাম  শিকি  আছোঁ   তেন্তে  মই  এই  কাম  এনেদৰে  শিকিব  লাগে  যাতে  আনকো  শিকাব  পাৰো । 
অধ্যয়নৰ  সময়ত  প্ৰতিটো  বস্তু  ধ্যান  দি  শিকিব  লাগে  আৰু  মনত  এটা  চিত্ৰ  বনোৱাৰ  চেষ্টা  কৰিব  লাগে । এনে  কৰিলে  আপুনি  বেলেগক  শিকাব  পাৰিব । এনে  অভ্যাস  যদি  নিতৌ  কৰে  তেন্তে  জ্ঞানৰ  পৰিসৰ  বৃদ্ধি  পাব । নিজৰ  মনটোক  এনেদৰে  প্ৰশিক্ষণ  কৰিব  লাগে  যাতে  আপোনাক  আগলৈ  গৈ কাৰোবাক  প্ৰশিক্ষণ  দিব  আছে।

       ৪৷ যি  বিষয়ত  অধ্যয়ন  কৰিবা  সেইটো  অভ্যাস  কৰা   যেতিয়া  আপুনি  কিবা  এটা  শিকিব  লয়  তেতিয়া সেইটো  বিষয়  পুনৰাই  শিকাৰ  বাবে  সাজু  হ'ব  লাগে ।  আপুনি  যি  শিকিছে  যদি  সেইটো  অভ্যাস  নকৰে  তেন্তে  সম্পূৰ্ণ   সম্ভাৱনা  আছে  যে  শিকি  যোৱাখিনি  হয়তো  পাহৰি  যাব  পাৰে । 

     ৫। দ্ৰুতগতিত  পঢ়াৰ  অভ্যাস  কৰিব  লাগে :পঢ়াৰ সময়ত  সদায়  পাৰ্যমানে  পঢ়াৰ  গতি  বঢ়াব  লাগে । ডাঙৰ উচ্চ মাতেৰে  স্পষ্টকৈ  উচ্চাৰণৰ  সহায়ত  পঢ়িলে বহুতো  সুফল  পোৱা  যায় । ডাঙৰ  মাতেৰে  পঢ়িলে কাণেৰে  স্পষ্টকৈ  শুনি  পোৱাৰ  লগতে  স্মৰণশক্তি সোনকালে  বৃদ্ধি  পায় । লগতে  পঢ়াৰ সময়ত  অজানিতে হৈ  থকা  ভূল - ভ্ৰান্তি  ৰোধ  কৰাত  সহায়  হয় ।সময়ো ৰাহি  হোৱাত সহায়ক  হয় । আমি  সকলোৱে  এনে  বিষয় - বস্তু  ওপৰত  ধ্যানকেন্দ্ৰীত   কৰিব  লাগে  যিটো  মনত আৱশ্যকবোধ  কৰোঁ । আমি  জ্ঞাত  যে  পুনৰাবৃত্তিৰ  শেষৰ
সময়চোৱাত  আমাৰ  ধ্যান বেছিকৈ  গতি  কৰে । পঢ়াৰ  গতি  আপুনি  তেতিয়া  বৃদ্ধি  কৰিব  পাৰিব  যেতিয়া  আপুনি  স্টাপ ৱাট্ ছ ( Stop Watch ) ব্যৱহাৰ  কৰিব । আমি  এনে  শব্দ  বা  বাক্য  বেছিকৈ  মন  কৰিব  লাগে  যি  অতি  আৱশ্যক । যদি  আপুনি  এনে  অভ্যাস  গঢ়ি  তোলে  তেন্তে  দ্ৰুতগতিত পঢ়াৰ  লগতে  বাখ্যাও  দাঙি  ধৰিব  পাৰিব । 

    নিতৌ  পঢ়া  আৰু  অধ্যয়ন কৰাৰ  অভ্যাস  গঢ়ি  তুলিব লাগে। আপোনাৰ  আশে - পাশে  বহুত  বাধা  আছে , কিন্তু  আপোনাক  ধ্যানকেন্দ্ৰীত  হৈ  কাম  কৰা  উচিত । এনে  অভ্যাসে  আপোনাৰ  গুণো  বঢ়াব । আপুনি  আপোনাৰ  জীৱনত  যিমানেই  ব্যস্ত নহওঁক  কিয় , ৪৫  মিনিট  সময়  উলিয়াই  যিকোনো  মনে  ভাল  লগা  ইতিবাচক  কিতাপ অধ্যয়ন  কৰিবই  লাগে । এনে  নকৰাৰ  আগতে  শোৱাৰ কথাও  মনত  আনিব  নালাগে । বিশ্বাস  কৰক  আপুনি  আপোনাৰ  আগৰ  গতি - বিধি  সলনি  কৰি  এজন  সুদক্ষ  ব্যক্তি  ৰূপে  থিয়  দিব  পাৰিব ।




Post a Comment

0 Comments