Student's Guide : Class 3 | Assamese Textbook Solution | আমাৰ অসমীয়া পাঠ - তৃতীয় খণ্ড | পাঠ - ১ : দুটা একে ব্যঞ্জন বৰ্ণৰ যোগ |

শব্দ - অৰ্থ

মক্কা - হজৰত  মহম্মদৰ  জন্মস্হান , birth  place  of
    Hazarat  Muhammad
সজ্জা  - সাজপাৰ , costume
খচ্চা - গাঁঠি  লগা , knot
অন্ন - ভাত , চাউল ,  rice
উচ্চ - ওখ , high
চিত্ত - মন ,  বুদ্ধি , intellectual
ছিন্ন - কটা , severed
ঠাট্টা - নিন্দা , ইতিকিং , ridicule
■ কিল্লা - দুৰ্গ , কোঠ , fort
উদ্দেশ্য - লক্ষ্য , aim
সজ্জা - ভূষণ , decoration
■ অট্টালিকা - ডাঙৰ  পকীঘৰ , a  building
বিষণ্ণ - দুখ , sad
উন্নতি - অগ্ৰগতি , progress
আড্ডা - কেইবাজনো  লোকৰ  মাজত  হোৱা আলোচনা
    a  meeting
মক্কেল - মোকৰ্দমাৰ  গুচৰীয়া , a  client
উত্তম - শ্ৰেষ্ঠ , best
সজ্জন - ভদ্ৰলোক , a  gentleman
খদ্দৰ - হাতে কটা  সূতাৰে  বোৱা  কাপোৰ , hand
    woven  cloth
হৰপ্পা - প্ৰাচীন  নগৰৰ  ধ্বংসাৱশেষ  আৱিষ্কাৰ  হোৱা
    এখন  ঠাই , Harappa , an  archaeological  site
প্ৰফুল্ল - আনন্দিত , happy
উচ্চাৰণ - শব্দ  ফুটাই  মতা  কাৰ্য , pronounciation
উচ্চমনা - ডাঙৰ  মনৰ , high  minded
■ অহম্মক - মহামূূৰ্খ , an  idiot
প্ৰসন্ন - সন্তুষ্ট , pleased
প্ৰপন্ন - সেৱাপৰায়ণ , very devoted
উজ্জৰিত - প্ৰকাশিত , lighted
■ উত্তোলন - কোনো  বস্তু  ওপৰলৈ  তোলা  কাৰ্য , the act
   of  raising  upwards
উদ্দালক - এজন  মুনি , a sage

অনুশীলনী


১) কোৱা  আৰু  লিখা : 

ক) প্ৰফুল্ল  ক'লৈ  গৈছে  ?
উত্তৰ : প্ৰফুল্ল  দিল্লীলৈ  গৈছে ।

খ) লালকিল্লা  ক'ত  আছে ?
উত্তৰ : লালকিল্লা  পুৰণি  দিল্লীত  আছে ।

গ) হজৰত  মহম্মদ  ক'ত  উপজিছিল ?
উত্তৰ : হজৰত  মহম্মদ  মক্কাত  উপজিছিল ।

ঘ) খদ্দৰ  কাপোৰ  কাক  বোলে  ?
উত্তৰ : হাতে  কটা - বোৱা  কাপোৰক  খদ্দৰ  কাপোৰ
           বোলে ।

ঙ) সকলো  কামৰ  উদ্দেশ্য  কিয়  মহৎ  হ'ব  লাগে ?
উত্তৰ : জীৱনত  উন্নতি  কৰিবলৈ  হ'লে  সকলো  কামৰ
            উদ্দেশ্য  মহৎ  হ'ব  লাগে ।

২) তলত  দিয়া  শব্দসমূহৰ  বিপৰীত  শব্দ  লিখা ।

ক) খোৱা     নোখোৱা     খ) লাগে    নেলাগে
গ) গৈছিল    নগৈছিল     ঘ) আছে   নাই 
ঙ) পুৰণি     নতুন           চ) কৰিবা   নকৰিবা
ছ) দেখি      নেদেখি       জ) উচ্চ      নিম্ন
ঝ) বোলে    নোবোলে     ঞ) কোৱা  নোকোৱা

Post a Comment

0 Comments