□ সলিল : পানী
□ অন্ত:সলিলা : যাৰ পানী মাটিৰ তলেদি বৈ থাকে
□ সংগম : মিলন
□ সংগমস্হল : মিলনৰ ঠাই
□ প্ৰয়াগ : উত্তৰ ভাৰতৰ এটি তীৰ্থস্থান
□ তীৰ্থৰাজ : তীৰ্থৰ ৰজা যি ; তীৰ্থবিলাকৰ ভিতৰত শ্ৰেষ্ঠ
□ অধিৰাজ : ৰজাৰ ওপৰত ৰজা
□ তীৰ্থৰাজাধিৰাজ : সবাতোকৈ শ্ৰেষ্ঠ তীৰ্থ
□ ত্ৰিতীৰ্থ : তিনিটা তীৰ্থ
□ সমাৱেশ : একত্ৰিত হোৱা কাৰ্য
□ উপাস্য : যি উপাসনাৰ যোগ্য ; আৰাধ্য
□ সবিগ্ৰহ : বিগ্ৰহ অৰ্থাৎ মূৰ্তিৰে সৈতে
□ মহামুনি : মুনিসকলৰ ভিতৰত শ্ৰেষ্ঠ মুনি
□ শ্বৰীফ : পৱিত্ৰ
□ কিংবদন্তি : বহু দিনৰে পৰা মানুহৰ মূখে মূখে চলি অহা
কথা ; জনশ্ৰুতি
□ চক্ৰ : চকৰি ; মণ্ডল ; দুষ্টালি বা বঞ্চনা
□ পাণি : হাত
□ চক্ৰপাণি : চক্ৰ আছে পাণিত যাৰ ; বিষ্ণু
□ তাৰকাসুৰ : পুৰাণত বৰ্ণিত এজন অসুৰ
□ পুষ্পধনু : পুষ্প অৰ্থাৎ ফুল আছে যাৰ ধনুত ; কামদেৱ
□ মহাদেৱ : দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ ; শিৱ
□ পৰলোক : মৃত্যুৰ পিছৰ লোক অৰ্থাৎ ঠাই
□ পৰলোকপ্ৰাপ্তি : মৃত্যু হোৱা
□ হজ : মুছলমানসকলৰ মক্কা তীৰ্থ দৰ্শন ; শাৰীৰিক
শাৰীৰিক পৰিশ্ৰমৰ কাম ; ঘৰ সাজিবলৈ গোটোৱা কাঠ
□ মহাযান : বৌদ্ধ ধৰ্মৰ এটি শাখা
□ মাৰ্গ : ৰাস্তা ; পথ ; ধৰ্মীয় পৰম্পৰা
□ ধৰ্মাৱলম্বী : ধৰ্মত দীক্ষিত লোক
□ দেশান্তৰ : দেশৰ বাহিৰৰ
□ উজ্জ্বলতৰ : অধিক উজ্জ্বল
□ মহিমা : মাহাত্ম্য ; গৌৰৱ ; মহত্ত্ব
□ মণ্ডিত : বিভূষিত ; অলংকৃত
□ মহিমামণ্ডিত : মহিমাৰে যি বিভূষিত ; গৌৰৱেৰে যি
মহীয়ান
□ কুটীৰ , কুটিৰ : গছৰ ডাল-পাতেৰ বা খেৰ-বাঁহেৰে সজা
ঘৰ ; পঁজা
□ শিল্প : বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম ; কাৰিকৰী
কৰ্ম ; কাৰুকৰ্ম
□ কুটিৰ শিল্প : সহজে ঘৰতে কৰিব পৰা শিল্প কৰ্ম।
অনুশীলনী :
১৷ তীৰ্থৰাজ কাক বোলা হয় ? কি কাৰণত হাজোক
তীৰ্থৰাজাধিৰাজ বুলিব পাৰি ?
উত্তৰ : প্ৰয়াগক তীৰ্থৰাজ বোলা হয় । হিন্দু , বৌদ্ধ আৰু মুছলমানসকলৰ মনত পৱিত্ৰ তীৰ্থস্থান হোৱাৰ। কাৰণে হাজোক তীৰ্থৰাজাধিৰাজ বুলিব পাৰি ।
২। প্ৰয়াগক তীৰ্থৰাজ বোলা হয় কিয় ?
উত্তৰ : পৱিত্ৰ গংগা, যমুনা আৰু অন্ত:সলিলা সৰস্বতীৰ
সংগমস্থল হোৱা হেতুকে প্ৰয়াগক তীৰ্থৰাজ বোলা
হয় ।
৩। অসমৰ হাজোক প্ৰয়াগৰ লগত কিয় তুলনা কৰা হৈছে ?
উত্তৰ : অসমৰ হাজোক প্ৰয়াগৰ লগত তুলনা কৰা হৈছে
কাৰণ ইয়াত ত্ৰিতীৰ্থৰ(হিন্দু, বৌদ্ধ আৰু মুছলমান)
সমাৱেশ ঘটিছে যি পৃথিৱীৰ আন ক'ৰবাত দেখিবলৈ
পোৱা নাযায় ।
৪। অন্ত:সলিলা শব্দৰ অৰ্থ কি ? প্ৰয়াগৰ অন্ত:সলিলা
নৈখনৰ নাম কি ?
উত্তৰ : অন্ত:সলিলা শব্দৰ অৰ্থ হৈছে যাৰ পানী মাটিৰ
তলেদি বৈ থাকে । প্ৰয়াগৰ অন্ত:সলিলা নৈখনৰ নাম
হৈছে সৰস্বতী ।
৫। হিন্দুসকলৰ বিশ্বাসমতে 'হাজো' নামৰ উৎপত্তি কেনেকৈ
হ'ল ?
উত্তৰ : হিন্দুসকলৰ মতে যেতিয়া যথাশক্তি চেষ্টা কৰিও
দেৱতাসকলে তাৰকাসুৰক পৰাস্ত কৰিব নোৱাৰিলে,
তেতিয়া চক্ৰপাণি বিষ্ণুৰ পৰামৰ্শক্ৰমে পুষ্পধনুক
মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ পঠিওৱা হৈছিল।
ইয়াৰেই কেদাৰ পাহাৰত যোগমগ্ন শিৱৰ যোগভংগ
হ'লত তেওঁৰ মুখৰপৰা 'হা যোগ' 'হা যোগ' বুলি হেনো শব্দ উচ্চাৰিত হৈছিল । সেইদিনাৰপৰাই ইয়াৰ নাম 'হা যোগ' হয় আৰু তাৰ পৰাই কালৰ সোঁতত পৰিৱৰ্তিত হৈ আজিৰ হাজো হৈছে।
2 Comments
khub val hoise...
ReplyDeleteThank you for your valuable feedback
DeleteDear reader , to know more information then comment your questions. I'm try to reply as soon as possible.