Class 8 Assamese Textbook Solution | Notun Diganta | নতুন দিগন্ত | পাঠ ১ : জ্ঞানী কোন | লেখক : লিও টলষ্টয় | অনুবাদ : সুৰেন্দ্ৰ মোহন দাস |

 অনুশীলনী :


১৷ আকুলকা আৰু মালাছাক সিহঁতৰ মাকহঁতে কিয় নতুন

    পোছাক দিছিল ?

উত্তৰ : আকুলকা আৰু মালাছাক সিহঁতৰ মাকহঁতে বৰদিনৰ

উৎসৱৰ বাবে নতুন পোছাক দিছিল ।

২। দুয়োজনী ছোৱালীয়ে কি কি ৰঙৰ পোছাক পৰিধান

    কৰিছিল ?

উত্তৰ : দুুয়োজনী ছোৱালীৰ ভিতৰত সৰুজনীয়ে নীলা আৰু

ডাঙৰজনীয়ে হালধীয়া ৰঙৰ পোছাক পৰিধান কৰিছিল ।

৩। আকুলকাৰ চোলাটোত কেনেকৈ বোকা লাগিবলৈ পালে ?

উত্তৰ : মালাছাই ভৰিৰে ডোঙাটোৰ বোকা-পানী আকুলকাৰ

গালৈ ছটিয়াই দিয়াৰ ফলত তাইৰ চোলাটোত বোকা লাগিছিল ।

৪। " দুষ্ট ছোৱালী, কেনেকৈনো গাত বোকা লাগিল ?" - কথাষাৰ

    কোনে কাক কৈছিল ?

উত্তৰ : আকুলকাৰ মাকে নিজৰ জীয়েকক (আকুুুলকা) কৈছিল।

৫। "ক'ত ঈশ্বৰৰ নাম ল'বা, পাপতহে লিপ্ত হৈছা" --- এইবুলি

    কোনে, কাক আৰু কিয় কৈছিল ?

উত্তৰ : এইবুলি আকুলকাৰ আইতাকে কাজিয়াত লিপ্ত হোৱা

খেতিয়ক সকলক উদ্দেশ্য কৈছিল ।

৬। আকুলকা আৰু মালাছাই কিহেৰে জান খান্দি আছিল আৰু

    সেই জানটোৰ পানী গৈ কাৰ ভৰি চুইছিল ?

উত্তৰ : আকুলকা আৰু  মালাছাই এডোখৰ জোঙা শিলেৰে জান

খান্দি আছিল আৰু সেই জানটোৰ পানী গৈ আকুলকাৰ আইতা-

কৰ ভৰি চুইছিল ।

৭। 'জ্ঞানী কোন' কাহিনীটোত পোৱামতে প্ৰকৃৃততে জ্ঞানী কোন

     আছিল ?

উত্তৰ : 'জ্ঞানী কোন' কাহিনীটোত পোৱামতে প্ৰকৃততে জ্ঞানী

আছিল আকুলকা আৰু মালাছা নামৰ  দুজনী ছোৱালী ।

৮। 'জ্ঞানী কোন' পাঠটোৰ পৰা কি শিকিলা ?

উত্তৰ : 'জ্ঞানী কোন' পাঠটোৰ পৰা আমি শিকিলো যে আমি

মানুহ হিচাপে শিশুৰ পৰা সৰলতাৰ শিক্ষা লৈ মিলা-প্ৰীতিৰে বাস

কৰা উচিত ।

৯। ভগৱানৰ ৰাজ্যত কেনেকৈ প্ৰৱেশ কৰিব পাৰি, নিজে ভাবি

    লিখা ।

উত্তৰ : ভগৱানৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে আমাৰ মন সৰল

আৰু নিষ্পাপ হ'ব লাগিব । আমি এজনে আনজনৰ লগত মিলা-

প্ৰীতিৰে থাকিব লাগিব । সৰু কথাতে কাজিয়াৰ পৰা বিৰত

থাকিব লাগিব ।

১০। সমাৰ্থবোধক শব্দ লিখা :

ক) জুৰি  নিজৰা      (খ) দ্বন্দ্ব  কাজিয়া


Post a Comment

10 Comments

  1. WHAT A WONDERFUL SITE, I'M VERY THANKFUL FOR YOUR LOVELY SUPPORT, AMAZING

    ReplyDelete
    Replies
    1. Thanks for your valuable suggestions. Connected with us to get update and follow us.

      Delete
    2. Hello pls do fast pls

      Delete
  2. অসমীয়া পাঠ বাকি খিনি পোৱা নাই কত বিচাৰি পাম lesson bur

    ReplyDelete
  3. Bakiboor chapter kenekoi pam

    ReplyDelete
    Replies
    1. অতি সোনকালেই আপলোড কৰা হ'ব। এই ৱেবছাইটতে পাব

      Delete
    2. পাঠ ৫ ৰ প্ৰশ্ন উত্তৰ দিয়ক

      Delete
    3. বাকীবোৰ পাঠৰ কেতিয়া পাম?

      Delete
    4. This comment has been removed by the author.

      Delete

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.