১) 'জীৱনৰ গতি' কবিতাটিৰ কবি কোন ? কবিৰ
একমাত্ৰ কাব্যপুথিখনৰ নাম কি ?
উত্তৰ : 'জীৱনৰ গতি' কবিতাটিৰ কবিজনৰ নাম হৈছে
তৰুণৰাম ফুকন । কবিৰ একমাত্ৰ কাব্যপুথিখনৰ নাম হৈছে
'স্ততিমালা' ।
২) 'জীৱনৰ গতি' কবিতাটিত উল্লেখ কৰা মতে কি কি
কাম টান ?
উত্তৰ : 'জীৱনৰ গতি' কবিতাটিত উল্লেখ কৰা মতে নিজক
চিনি পোৱা, চিনাকি দিয়া, সন্তোষে থকা তথা সন্তোষ দিয়া,
সজ উপায়েৰে উপাৰ্জন তথা সঞ্চয় কৰা, সঞ্চিত ধন দান
কৰা আদি কাম টান ।
৩) সাধনাৰ কাম কি কি ?
উত্তৰ : সাধনাৰ কাম হৈছে ৰোগ, শোক আঁতৰ কৰি দীৰ্ঘজীৱী হোৱা ।
৪) আনৰ কাৰণে জীৱন উছৰ্গা কৰিবলৈ হ'লে কিহৰ
প্ৰয়োজন ? এই কাৰ্যই মানুহক কিহলৈ উন্নীত কৰে ?
উত্তৰ : আনৰ কাৰণে জীৱন উছৰ্গা কৰিবলৈ এক মহান
অন্তৰৰ প্ৰয়োজন । এই কাৰ্যই মানুহক প্ৰকৃত অৰ্থত
মহীয়ান অৰ্থাৎ মহান ব্যক্তিলৈ উন্নীত কৰে ।
৫) 'জীৱনৰ গতি' কবিতাটোৰ সাৰাংশ তোমাৰ ভাষাৰে
বৰ্ণনা কৰা ।
উত্তৰ : 'জীৱনৰ গতি' কবিতাটিৰ কবি জনৰ নাম হৈছে
তৰুণৰাম ফুকন । কবিয়ে কৈছে দৰাচলতে আমি সম্পূৰ্ণকৈ
নিজকে চিনি নাপাওঁ । আমি কেতিয়া, ক'ত কি কৰিছোঁ,
কিয় কৰিছোঁ, কাৰ বাবে কৰিছোঁ, ভাল কাম কৰিছোঁ নে
বেয়া কাম কৰিছোঁ-সেই সম্পৰ্কে সঠিকভাৱে অৱগত নহওঁ।
সেয়েহে আমাৰ চিনাকিও সম্পূৰ্ণ সঠিক নহয় । আমাৰ
চিনাকিয়ে আমাৰ কেৱল জন্মগত আৰু বৃত্তিগত পৰিচয়ৰ
হে উমান দিবলৈ সক্ষম হয় । আমাৰ মন অস্থিৰ, চঞ্চল
আৰু বিভিন্ন অসৎ প্ৰবৃত্তিৰে প্ৰভাৱান্বিত হৈ থাকে বাবেই
আমি সহজতে সন্তুষ্ট নহওঁ আৰু আনকো সমভাৱে সন্তুষ্ট
কৰিব নোৱাৰো। আমি সজ উপায়েৰে ধন ঘটিবলৈ চেষ্টা
নকৰোঁ আৰু সেই ধন সজ কামত খৰচ কৰিবলৈও কুণ্ঠিত
হওঁ । এক সুস্থ-সবল দেহ আৰু মনেৰে দীৰ্ঘজীৱী হ'বৰ বাবে
সাধনাৰ প্ৰয়োজন । আনৰ কাৰণে নিজৰ জীৱন উছৰ্গা
কৰিবৰ বাবে প্ৰয়োজন এক মহান অন্তৰ। যি কাৰ্যই আমাক
প্ৰকৃত অৰ্থত মহীয়ান কৰি তুলিব পাৰে বা উন্নীত কৰে।
৬) ব্যাখ্যা কৰা :
(ক) নিজক চিনাটো........চিনাকি দিয়া ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'নতুন দিগন্ত'ৰ
অন্তৰ্গত "জীৱনৰ গতি" কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
কবিতাটিৰ কবি জনৰ নাম হৈছে তৰুণৰাম ফুকন ।
কবিয়ে কৈছে যে দৰাচলতে আমি নিজক সম্পূৰ্ণকৈ
চিনি নাপাওঁ । আমি কেতিয়া, ক'ত কি কৰিছো, কিয়
কৰিছো, কাৰ বাবে কৰিছো, ভাল কাম কৰিছো নে বেয়া
কাম কৰিছো - সেই সম্পৰ্কে সঠিকভাৱে অৱগত নহওঁ।
সেয়েহে আমাৰ চিনাকিও সম্পূৰ্ণ সঠিক নহয় । আমাৰ
চিনাকিয়ে কেৱল জন্মগত আৰু বৃত্তিগত পৰিচয়ৰহে উমান
দিবলৈ সক্ষম হয় ।
(খ) সজ উপায়েৰে.......দৰিদ্ৰ হোৱা ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'নতুন দিগন্ত'ৰ
অন্তৰ্গত "জীৱনৰ গতি" কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
কবিতাটিৰ কবি জনৰ নাম হৈছে তৰুণৰাম ফুকন ।
কবিয়ে কৈছে যে আমি সজ উপায়েৰে ধন ঘটিবলৈ চেষ্টা
নকৰো আৰু সেই ধন সজ কামত খৰচ কৰিবলৈও কুণ্ঠিত
হওঁ । আমি সজ উপায়েৰে আৰ্জিত ধন সঞ্চয় কৰিবলৈও
অপাৰগ হওঁ । কবিয়ে কৈছে আমি সঁচা ধন আনক দান
কৰিবলৈ ভয় কৰোঁ কিয়নো দৰিদ্ৰ হোৱাৰ আকাংক্ষা থাকে।
আমাৰ মন অস্থিৰ, চঞ্চল আৰু বিভিন্ন অসৎ প্ৰবৃত্তিৰে
প্ৰভাৱিত হৈ থাকে বাবেই আমি সহজতে সন্তুষ্ট নহওঁ আৰু
আনকো সমভাৱে সন্তুষ্ট কৰিব নোৱাৰো।
4 Comments
Can i get the pdf form of the book natun diganta of class 8
ReplyDeleteSure. You are directly contact me through my WhatsApp Number :8472045778
DeleteMook baki chapterbilak lagisil kenekoi pam
ReplyDeleteঅতি সোনকালেই আপলোড কৰা হ'ব।
ReplyDeleteDear reader , to know more information then comment your questions. I'm try to reply as soon as possible.